পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
শ্ৰীশ্ৰীদেবী ভাগৱত।

ধৰ্ম্মপুত্ৰ হৰি অংশ সৰ্ব্বজ্ঞানি ৰূপ।
ধৰ্ম্মনষ্ট যুদ্ধ কৰে কিনো অপৰূপ॥
তপশ্যা সমাধি সুখময় ফলত্যাগি।
মুখদম দাৰুণ ৰণত ভৈল যোগী॥
স্বৰ্গহন্তে খসিপৰে যযাতি ৰাজন।
শুনিছো তাহাৰ অহঙ্কাৰ সে কাৰণ॥
ুতুমুখে কথা বাহিৰান্তে বজ্ৰপাণী।
ধক্কামাৰি ভূমেফেলি দিলন্ত তখনি॥
অহঙ্কাৰে যুদ্ধ মৃত্যু অবশ্যই ৰূপ।
পুন্য নষ্ট যুদ্ধে কিবা ফল গুৰু বাপ॥


ব্যাসৰউত্তৰ॥

পদ

দ্বৈপায়ণ কহে নৃপ সংসাৰৰ মূল।
তিনিবিধ পাপীআছে বুঝিবা কেবল॥
অহঙ্কাৰ ধৰ্ম্মভুপ মুনিৰো অজেয়।
দেহধাৰী মুনিতাক কিমতে ত্যাগয়॥
কাৰণ নহিলে কাৰ্য্য নিশ্চয় নহয়।
তিনিবিধ কাৰ্য্যইটো অবশ্যে বৰ্ত্তয়॥