পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
চতুৰ্থ স্কন্ধ

দেব দৈত্য মানে নৃপ পৰম বিস্ময়।
নাহি নিদ্ৰা ক্ষুধা তৃষা যুদ্ধ নথাময়॥
নাৰায়ণ অস্ত্ৰাঘাতে প্ৰহ্লাদ কাতৰ।
বিকল ভৈলন্ত ছিন্ন ভিন্ন দৈত্যেশ্বৰ॥
ভকতৰ বশ্য হৰি বৈকুণ্ঠে জানিল।
প্ৰহ্লাদৰ আশ্ৰমত আসি দেখা দিল॥
চতুৰ্ভুজ পীতবাস শ্যামল মূৰুতি।
আগতে দেখিল তাঙ্ক দানবৰ পতি॥
শ্ৰীহৰিক দেখি দৈত্য প্ৰণাম কৰিল।
কৃতাঞ্জলি হুই পাছে বুলিবে লাগিল॥
দেব দেব জগন্নাথ ভকত বৎসল।
মাধব মুকুন্দ নাৰায়ণ ভক্ত বল॥
সহস্ৰ বৰিষ পূৰ্ণ সংগ্ৰাম কৰিলো।
তথাপিতো ফকিৰ জিনিবে নপাৰিলো॥
বীৰ হুই তপসীক জিনিবে নপাৰো।
পৰম বিস্ময় ইটো জগতৰ গুৰু॥


বিষ্ণুৰ উত্তৰ।

বিষ্ণু দেব কহে ৰাজা বিস্ময় কি আত।
মোৰ অংশে নৰ নাৰায়ণ দুই জাত॥