পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
শ্ৰীশ্ৰীদেবী ভাগবত।

তাহাঙ্ক জিনিবে নপাৰিবা দৈত্য পতি।
তিল পূৰত চলি যাহ শীঘ্ৰগতি॥
বিৰোধ নকৰ আৰু তপস্বী সহিতি।
মোহোৰ চৰণে ৰাখ অচলা ভকতি॥
ব্যাস নিগদতি পাছে বিষ্ণু আজ্ঞা পাই।
সগোষ্ঠে প্ৰহ্লাদ হুতলে চলি যায়॥
নৰনাৰায়ণ দুয়ো তপেমগ্ন ভৈল।
নবম অধ্যায় ইটো সমাপতি হৈল॥
ভণিল গোপাল দেব পুন্য ভাগবত।
সৰ্ব্বদায়ে ৰামনাম নেৰিবা মুখত॥

জন্মেজয়ৰ প্ৰশ্ন।

পদ

জন্মেজয় বদতি সংশয় মুনিবৰ।
অসমঞ্জ কথাইটো সন্দেহ ডাঙ্গৰ॥
নৰনাৰায়ণ ঋষি বিষ্ণুঅংশে জাত।
সত্ত্বগুণী তীৰ্থাশ্ৰমী তপস্যা নিয়ত॥
ধৰ্ম্মপুত্ৰ মাহাত্না তাপসী নিৰ্ব্বিকাৰী।
কোনহেতু ক্ৰোধে, যুদ্ধ কৈল তপএৰি॥