পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
শ্ৰীশ্ৰীদেবী ভাগবত

পৰ্ব্বত সমান গদা গোট লৈল তুলি।
বজ্ৰ লোহা লগাই নিৰ্ম্মি আছন্ত সমুলি॥
দেখ নেদেখ বেগে খেদি লাগ পাইল।
আঠুৰ উপৰে ঘোৰ কোব এক দিল॥
যিটো গদা যাতে চুৰ হোৱন্ত পৰ্ব্বত।
নটলিল নাৰায়ণ ঠিয়য়ে ৰৈলন্ত॥
তাত পাছে মহাবলী দেব নাৰায়ণ।
তিনি পাট শিলি মুখ কৰিল সন্ধান॥
হাততে কাটিল গদা তিল তিল কৰি।
আকাশত অমৰ বিস্ময়ে গৈল ডৰি॥
হেন দেখি দৈত্য ৰাজ বিমৰষি চাইল।
দুৰ্ব্বাৰ শকতি গোট হাতে তুলি লৈল॥
গাৱে বল মানে বেগে কৰিল প্ৰহাৰ।
আকাশে জ্বলন্ত শক্তি মধ্যাহ্ন ভাস্কৰ॥
দেখি মুনি ক্ষুৰ পতি প্ৰহাৰ কৰিল।
একে বাণে সাত খণ্ড কৰিয়া ছেদিল॥
লীলাযে দৈত্যৰ শক্তি ছেদিলন্ত মুনি।
আকাশে অমৰ সবে কৰে জয় ধ্বণি॥
এহি ৰূপে দেব মানে সহস্ৰ বৎসৰ।
দৈত্যে নাৰায়ণে যুদ্ধ নাহি পটন্তৰ॥