পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
চতুৰ্থ স্কন্ধ।

এতে কতে নাৰায়ণে গৰ্ব্ব চূড় কৈল।
নিৰুপায় দৈত্য ক্ৰোধে কাপিবে লাগিল॥
চেলেকে কোৱাৰী যনে চক্ষুঙৰ ফুল।
বেগ কৰি লম্ফ দিয়া ৰথৰ নামিল॥
দুৰ্ব্বাৰ পৰিঘ গোট হাতে লৈল তুলি।
মাৰিবাক খেদি যাই দুই বাহু তুলি॥
দেখাহা দৈবৰ বল মহন্তৰ কাৰ্য্য।
ব্ৰাহ্মণ বধিবে খেদি যাস্ত দৈত্য ৰাজ॥
নাৰায়ণে অন্যায় নকৰে কদাচিত।
নতুবা প্ৰহ্লাদ এত কাল থাকে কৈত॥
নহে সাধাৰণ দ্বিজ স্বয়ং ভগবান।
সৃজন পালন শক্তি আছে সংহাৰণ॥
জাত গুণে কঠিয়া, কঠিয়৷ গুণে কৃষি”
প্ৰহ্লাদ দৈত্যৰ অংশ স্বভাব নুদোষি॥
পৰিঘউ চাই বীৰে বুলিলা বচন।
কোবাই বাহু ভাঙ্গো তোৰ টেতন বামন॥
দেখি নাৰায়ণে শিলি মুখ প্ৰহাৰিল।
নব পাট শিলি মুখে পৰিঘ ছেদিল॥
দশ পাট অৰ্দ্ধ চন্দ্ৰ হৃদয়ে তাড়িল।
বিকল নভৈল দৈত্য বেগ থিৰ ভৈল॥