পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
শ্ৰীশ্ৰীদেবী ভাগবত

প্ৰহ্লাদৰ উত্তৰ।

মুনি বাক্য শুনি তেবে দানব প্ৰহলাদ।
মহাকোপে কাপে তনু বহি গৈল শ্বেদ॥
প্ৰতিজ্ঞা কৰিল যুদ্ধ অবশ্য কৰিব।
যি কোন উপায়ে হৌক ঋষিক জিনিব॥
নৰ নাৰায়ণ ঋষি সবাতে প্ৰধান।
তাহাঙ্ক জিনিলে কীৰ্ত্তি বাঢ়িবেক মান॥
এতেক বুলিয়া দৈত্য ধনুক ধৰিল।
কৰ্ণ মানে টানি গুন টঙ্কাৰ কৰিল॥
নৰেও ধনুক টানি বাণ সন্ধানিল।
তীক্ষ্ণ পিলিমুখ শত শহস্ৰ হানিল॥

অথ যুদ্ধাৰম্ভ॥ ছবি।

ধৰিয়া সাঙ্গ ধনু,  ক্ৰোধে নৰে কৰি মন্যু,
 তীক্ষ্ণ শিলি মুখ ঝাক দিল।
হেন দেখি দৈত্য ৰাজ, প্ৰহাৰি অসংখ্য অস্ত্ৰ
 আকাশতে সকল ছেদিল॥