পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
চতুৰ্থ স্কন্ধ॥


দেখি সব নৰে ব্যৰ্থ,  ক্ৰোধে কাপে অধৰোষ্ঠ
 পৰ্ব্বতাস্ত্ৰ কৰিল প্ৰহাৰ।
তাকো দৈত্য অধিপতি, শৰ হানি শীঘ্ৰগতি
 খণ্ড খণ্ড কৰিল দোহাৰ॥
শৰকাটি দৈত্য নাথ,  পুনুহাণে অসংখ্যাত
 নৰ অঙ্গে প্ৰহাৰ কৰিল।
পাছে পঞ্চ তীক্ষ্ণ বাণ,  নৰে প্ৰহাৰিল টান
 প্ৰহলাদৰ বাহুত ভেদিল॥
ভেদিলন্ত বৰটানে,  ৰুধিৰ বহয় থনে
 অঙ্গ বস্ত্ৰ ৰকতে ভিজিল।
ইন্দ্ৰ আদি দেবগণ,  দেখি ভৈল ৰঙ্গ মন
 আকাশত বিমানে ধাকিল॥
যুদ্ধে নৰ বীৰ্য্য-দেখি,  দেবগণ ভৈল সুখী
 দৈত্যেশ্বৰো লভিল সন্তোষ।
কাঢ়ি পাছে মুনি বাণ,  প্ৰহলাদে কৈল সন্ধান
 মেঘে যেন কৰন্ত বৰিষ॥
অসংখ্যাত শিলি মুখ,  ভল্ল ত্ৰি কণ্টিকা অস্ত্ৰ
 গিৰি শৃঙ্গে যেন বৃষ্টি ধাৰ।
দশদিগ অন্ধকাৰ,  ৰূদ্ধ ভৈল বায়ুদ্বাৰ
 অস্ত্ৰে আবৰিল মুনি বৰ॥