পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
চতুৰ্থ স্কন্ধ।


প্ৰহ্লাদৰ উত্তৰ

হেন শুনি প্ৰহ্লাদে কহিলা পুনৰ্ব্বাৰ।
তপসী ভৈলন্ত যদি মন্দ দুৰাচাৰ॥
অহঙ্কাৰে বিমোহিত এৰয় ধৰ্ম্মক।
আছো দৈত্যেশ্বৰ ধৰ্ম্ম সেতু প্ৰবৰ্ত্তক॥
নকৰিস তীৰ্থ যাত্ৰা ধৰ্ম্ম নাহিকৰ।
মোৰ সমে যুদ্ধে কিবা শক্তি হইবে তোৰ।


নৰৰ উত্তৰ।

ব্যাস নিগদতি নৰে দৈত্য বাক্য শুনি।
সমুচিত উত্তৰ দিলন্ত মনে গুণি॥
যদি মোৰ সমে তোৰ হেন মতি ভৈল।
ধৰ ধনু কৰ যুদ্ধ দেখা যাবে বল॥
যুদ্ধে শিক্ষা দিবো তোক লটক অসুৰ।
ভবিষ্যতে যুদ্ধ যেনে নকৰিস আৰ॥