পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
চতুৰ্থস্বন্ধ।


পিতৃৰ সাধিবে গতি চিন্তি জন্মে জয়।
বিপ্ৰ শাপগ্ৰস্ত পিতা কিৰূপে তৰয়॥
ইহা ভাবি চিন্তা সদা জল স্থল ভৈল।
স্নান দান আহাৰ বিহাৰ তিয়াগিল॥
শাপ গ্ৰস্ত পৰীক্ষিত ভয়ত বিহ্বল।
ঘৰে ব্যাস মুনি পাই পুছিল সকল॥
নৰ নাৰয়ণ কথা বহুল বিস্তৰি।
কহিলন্ত ব্যাস দেব ৰাজাক সাদৰি॥

অথ প্ৰহ্লাদৰ বৃত্তান্ত॥
পদ।

ব্যাস নিগদতি শুনা জন্মে জয় নৃপ।
কহো কথা প্ৰহলাদৰ পৰম অনুপ॥
যেবে হত ভৈল দুই হিৰন্য কশিপু।
প্ৰহলাদক ৰাজ্য দিল মিলি সবে বপু॥
প্ৰহলাদ ভৈলন্ত ৰথীসেনা সৰ্ব্ব প্ৰজা।
শাশ ন কৰন্ত দেব দ্বিজ মহাতেজা॥