পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
শ্ৰীশ্ৰীদেবী ভাগবত।


সপ্তম অধ্যায় পদ মায়৷ বৃত্তি নাম।
সন্ত মহন্তৰো নোহে মায়াৰ বিৰাম॥
সংসাৰ তৰিয়া যেবে বৈকুণ্ঠক ইচ্ছা।
হৰি হৰি বোলা আয়ু নকৰিবা বৃথা।

সূতৰ উক্তি॥
পদ।

সূত নিগদতি মুনি শুনা তাত পাছে।
এহি ৰূপে জন্মে জয় যেবে পুছি আছে।
সত্য বতী সুত সৰ্ব্ব কৰিল কীৰ্ত্তন।
সাব শেষো বিস্তৰি কহিলা তপোধন॥
পিতৃৰ দুষ্কৰ্ম্ম বুজি বৈৰাটি তনয়।
তাহান উদ্ধাৰ লাগি চিন্তে জন্মে জয়॥
ব্যাস মুখে তত্ত্ব বুজি পাচে শান্ত ভৈল।
লোভ মোহ কাম ক্ৰোধ সব তিয়াগিল॥
বিপ্ৰ অপমানে পিতা যম লোকে গত।
পূৰ্ণ নামে নৰকত ভোগস্ত সৰ্ব্বত্ৰ॥
পূৰ্ণাম নৰকে ত্ৰাণ কৰে যিটো পুত্ৰ।
শাস্ত্ৰ মতে পুত্ৰ নাম তাহাৰ শাশ্বত॥