পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
শ্ৰীশ্ৰীদেবী ভাগৱত।

শ্ৰদ্ধা ভক্তি যজ্ঞাৰ্চ্ছন ঈশ্বৰ পূজন।
ব্ৰাহ্মণে কৰন্ত তপ তীৰ্থ পৰ্য্যটন॥
বৈশ্যে কৰে বানিজ্য ব্যবসা নিজ বৃত্তি।
শূদ্ৰে কৰে শুশ্ৰুষা ইতৰ তিন জাতি।
পাতালত নিয়া পাছে নৃসিংহে স্থাপিল।
ৰাজ্য কৰি তাতো প্ৰজা পালন কৰিল॥
দৈবে কোন দিনে ভৃগু পুত্ৰ তপোধন।
নৰ্ম্মদাত স্নান হেতু গৈলন্ত চ্যবন॥
দেখে মহ৷ নদী ৰেবা উত্তৰ বাহিণী।
জলে নামিলন্ত স্নান হেতু মহা মুনি।
জলে কলি কুট সৰ্পে মেঢ়াই ধৰিল।
ঠোটে কৰি তেতিক্ষণে পাতালে পশিল॥
মনত স্মৰন্ত মুনি দেব জগন্নাথ।
হৰিৰ স্মৰণে ভৈল নিবিষ দেহত॥
ৰসাতলে নিল ঋষি দুঃখ নাপাইল।
তৈত নিয়া লাগে পাছে মুনিক এৰিল॥
নালাগিল বিষ গাৱে কোনো শঙ্কা নাই॥
সেহি বেলা কহে নাগে মুনিক বিনাই॥
শাপ নাই দিবা দেব তুমি মহামতি।
নকৰিবা ক্ৰোধ কৰো চৰণে প্ৰণতি॥