পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
শ্ৰীশ্ৰীদেবী ভাগৱত।

প্ৰণামো পুণ্ডৰী কাক্ষ হুয়োক সন্তোষ।
পতি হুই আশাপূৰ্ণ কৰা পৰমেশ॥
প্ৰীতি মনে সেবাকৰো জগত ঈশ্বৰ।
কৰা অনুগ্ৰহ বাক্য বোলা মুনি বৰ॥
তোমাৰ সৃজিতা যিটো উৰ্ব্বশী সুন্দৰী।
আজ্ঞা কৰা আজি চলি যাউক সুৰপূৰি॥
ষোড়শ হাজাৰ আৰু অধিক পঞ্চাচ।
সিসব সহিত সেবা কৰোক তথাত॥
আমি সেবাকৰো প্ৰভু তুমি দুজনক।
সত্য কহ বাঞ্চা দান কৰা আমাসাক॥
আশা ভঙ্গে নাৰী হয় মৰণ সমান।
কামাতুৰা স্ত্ৰীৰ ইটো নহে গৰিহণ॥
ধৰ্ম্ম জ্ঞানী তত্ত্বদৰ্শী মুনি মহাজন।
ভাগ্য বশে মিলে ইটো স্বৰ্গ সুখধন॥
স্ত্ৰীজাতি বাঞ্চিলো কাম বাসনা পূৰিবা।
গ্ৰহণ কৰহ দেব ত্যাগ নকৰিবা।
হেনশুনি নাৰায়ণে কহে বিমৰষি॥
সম্পূৰ্ণ সহস্ৰ বৰ্ষ তপ কৈলো বসি॥
ইন্দ্ৰিয় নিয়মি ভৈলো কাম লোভ বাজ।
কামে ধৰ্ম্ম নষ্ট পায় নাহি তাত কায॥