পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
চতুৰ্থ স্কন্ধ।

নাৰায়ণৰ অপেশ্বৰীক বৰ দান।
পদ।

ব্যাস নিগদতি ৰাজা অপেশ্বৰী গণে।
এতেক বুলিল যেবে মুনিৰ সদনে॥
শুনি মনিবৰে পাছে প্ৰসন্ন ভৈলন্ত॥
ক্ৰোধ এৰি প্ৰীতি বাক্যে কহিবে লৈলন্ত॥
কাম লোভজিত ধৰ্ম্ম সুত মহামতি।
তপোবলে শুদ্ধ শাক্ত সুন্দৰ মূৰুতি॥
নাৰায়ণ কহে বৰ ভৈলোহে৷ সন্তোষ৷
কালে পূৰ্ণ হইৰে কাম বাঞ্চ। আগৰিস॥
উৰ্ব্বশী লইয়া তুমি সবে আজি যাহ।
প্ৰীতি ভাবে দেব ৰাজে ইহাক অৰ্পং॥
সকলে দেবৰ হৌক শান্তি সুমঙ্গল।
কাৰো তপ বিঘ্ন নকৰোক আখণ্ডল॥
এত শুনি দেব নটী বুলিবে লাগিলা॥
তযু পাদ পদ্ম লভি কৈক যাইবে বোলা॥
দেব শ্ৰেষ্ঠ নাৰায়ণ ভক্তৰ অধীন।
বাঞ্চা পূৰ্ণ কৰা দেব শ্ৰী মধুসুদন॥

×৫×