পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
চতুৰ্থ স্কন্ধ॥

পশুৰ ৰমণ ধৰ্ম্ম জ্ঞানীৰ কিশ্ৰেষ্ঠ।
কোন ৰূপে ইটো তপধৰ্ম্ম কৰোনষ্ট॥
অপেসৰী কহন্ত পঞ্চশত বৰ্ষ ফল।
আদিৰস সুখ আৰু অঙ্গ স্পৰ্শে মূল।
এতেকতে মহাবাজ বচন ধৰিবা॥
সুুখে মন কৰি গন্ধমাদনে চলিবা॥
গন্ধমাদনত কৰি সুখ স্থান নাই।
ৰমণে দেবতা নাৰী তৈত সব পাই॥
ষষ্ঠ অধ্যায়ৰ পদ উৰ্ব্বশী সম্ভব।
ভনিল গোপালে ডাকি বোল৷ ৰাম সব॥


অথ নাৰায়ণৰ বৰ দান।

পদ।

ব্যাস দেব কহে নৃপ হেন বাক্য শুনি।
ধৰ্ম্ম সুত নাৰায়ণে লাগিল গুণনি॥
কিকৰিব কিহইব ভাবি নেপাও তৰ॥
হাসিবে তপসী গবে নটী খেলাবৰ॥
অহঙ্কাৰে জাত ইটো ত'ত দুঃখ নায়।
অহঙ্কাৰে মূল ধৰ্ম্ম উচ্ছেদ কৰয়॥