পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
শ্ৰীশ্ৰীদেবী ভাগৱত।

দিব্যপুষ্প মালাগলে দিব্য আভৰণ।
পৃথিবী দুৰ্ল্লভ আতি দেবাঙ্গ বসন॥
মুনি অগ্ৰে নটী সবে প্ৰণাম কৰিল।
ঋষিক সম্বুদ্ধি তেবে বচন বুলিল॥
উত্তম অতিথি আজি কৰা মুনিবৰ।
স্বৰ্গতো অধিক সুখ অতিথি সৎকাৰ॥
অতিথি শুশ্ৰুসা সুখ মনে আশাকৰি।
আসিছোহো তযুস্থানে সবে অপেশ্বৰী॥


অথ উৰ্ব্বশীৰ জন্ম।
পদ

ব্যাসকহে শুনাৰাজা পাছে মুনিবৰ
স্বৰ্গ বাৰাঙ্গণা দেখি বিস্মিত অন্তৰ॥
সঙ্গীত ভৈলন্ত পাছে বাসবৰ কাৰ্য্যে।
হেন নটী শ্ৰজিবাক মোৰো শক্তি আছে॥
দেখাইবোহো দিব্যৰূপ তপৰ প্ৰভাৱে।
এতভাবি উৰু মোহাৰন্ত ক্ৰোদ্ধ ভাবে॥
চাপৰ মাৰিল খঙ্গে নিজ উৰুস্থলে।
পৰ্ব্বাঙ্গ সন্দৰী কন্যা জন্মিল তৎকালে॥