পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
চতুৰ্থ স্কন্ধ।

বদৰিকা শ্ৰমে বাপু অকালে কি ভৈল।
লভিলো বসন্ত লক্ষ্মী বিস্ময় জন্মিল॥
দেবনাৰী সকলৰ স্বৰগান শুনি।
তপেবিঘ্ন হইবে অনুমান কৰে মুনি॥
ইন্দ্ৰে কৰিলন্ত ইটো বিঘ্নি আচৰণ।
নতুবা অকালে কেনে বসন্তা গমন॥
বহিছে মলয়া বায়ু সুুগন্ধি শীতল।
শতক্ৰতু বিনেইটো নোহে কাৰো ছল॥
ইন্দ্ৰক এতেকবুলি নাৰায়ণ দেব।
আগতে দেখিলআসে আপেশ্বৰী সব॥
নৰ নাৰায়ণ দুয়ো সৰ্ব্বজনে দেখি।
বিস্ময় ভৈলন্ত বৰ কালক উপেক্ষি॥
ঘৃতাচী, মেনকা, ৰম্ভা, কাঞ্চন, মালিনী।
তিলোত্তমা, পুষ্পগন্ধা, সু চাৰু হাসিনী॥
মহাশ্বেতা, মনোৰমা, সুকেশী প্ৰমদা।
বিদ্যুম্মালা, পঙ্গজাক্ষী আৰু চন্দ্ৰ প্ৰভা॥
কেহোজনী গানে কেহোজনী পটু হাস্য।
কলকণ্ঠি কেহোজনী পটুৰ সভাষ্যে
পঞ্চাশ অধিক অষ্ট সহস্ৰ কামিনী।
ক্তে বাৰাঙ্গনা দেখি আচৰিত মুনি॥