পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
চতুৰ্থ স্কন্ধ।

নাৰায়ণ উৰুজাত ভৈলতান অংশে!
এতেকে উৰ্ব্বশী নাম জগতে প্ৰকাশে॥
দেখিসবে দেবনাৰী বিস্ময় মানিল।
কৃতাঞ্জলি হুই মুনি পদে প্ৰণামিল॥
উৰ্ব্বশীৰ পৰিচৰ্য্যা দাসীৰ সমান।
ইটোসব দেব নাৰী শুনহ ৰাজন॥
হাসন্ত গাহন্ত গীত নৃত্য নাচ কৰে।
নানা উপায়ণে পান ভোজনে বিহৰে॥

অপেশ্বৰীৰ মিনতি।
ছবি॥

দেখি মহা ভ্ৰমমায়া,  তপৰ বিভূতি ছায়া,
 দেব নাৰী মোহিত ভৈলন্ত।
বিকশ পঙ্কজানন, পুলকে পূৰ্ণিতমন,
 সিহৰিল শৰীৰ চেঞ্ছান্ত॥
দুইহাতে শিৰধাকি,  কহে দেবাঙ্গনে ডাকি
 তুমিদেব তপসী মহন্ত।
যি,তেজ দেখাইলা তুমি,  কিবা স্তুতি কৰো আমি
 বীৰ্য্য দেখি ভৈ লো উৎকণ্ঠিত॥