পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
88
শ্ৰীশ্ৰীদেবী ভাগবত

নাৰায়ণৰ উক্তি এবং অপেশ্বৰী আগমন
পদ।

নাৰায়ণ কহে ভাই দেখা অপৰূপ।
পুষ্পে জক মক বৃক্ষ ফুটিছে পল্লব॥
কোকিলে কুহৰ ধ্বনি ভ্ৰমৰ গুঞ্জৰে।
অকালে বসন্ত ঋতু বিপিনে বিহৰে॥
শিশিৰ মাতঙ্গ এভো নিজ ভোগে ৰত।
তথাপি বসন্ত সিংহ ভৈলন্ত উদিত॥
ফুটিল পলাশ বক মালতী মল্লিক।
অশোক কিংশুক ফুলি ভৈল জকমক॥
বিকশিত নীল পদ্ম কডম্ব মন্দাৰ।
ফুটিল কমল থলপদ্ম উতপল॥
কুন্দ কুৰু বক বিল্বমঞ্জৰী ফুলিল।
শেৱালি নেৱালি ঘেউলি বন্ধুলি বকুল॥
মত্ত কোকিলৰ ধ্বনি কডম্ব মঞ্জৰী।
ভ্ৰমৰ হংসৰ ৰাৱ নূপুৰৰ সৰি॥
মত্তহংস গতি ধৰি বসন্ত আসিল।
জবা তীহৰলী শুঙ্গ ধৰি মুকলিল॥