পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
চতুৰ্থ স্কন্ধ।

এত ভাৰি অপেশ্বৰা মাতি হুৰ পতি।
তপ ভাঙ্গিবাক লাগি দিল অনুমতি॥
ভয় নকৰিবা তুমি সৰ্ব্বজন যাহ।
নৰ নাৰায়ণ দুইকো মমতা লগাহ॥
অপেশ্বৰী কহে দেব ঋষি নাৰায়ণ।
কাৰ সাধ্য ভাঙ্গে তপ তেজস্বী ব্ৰাহ্মণ
তথাপিতো তযু আজ্ঞা অবশ্য কৰিব।
যত শক্তি মান চেষ্টা উপায কৰিব॥
এত কহিগৈল গন্ধ মাদন পৰ্ব্বত।
যৈত নৰ নাৰাযণে তপ আচৰন্ত॥
দেখাহা কালৰ গতি দেবৰ সমাজে।
অহিংসক জনকো হিংসন্ত দেবৰাজে॥
সংসাৰী নৰৰ মধ্যে আছে কোন কথা।
মোহ এৰাই বাক শক্তি নাহিক সৰ্ব্বথা॥
মানবী জনম শীঘ্ৰ নাহি আৰু আশা।
ৰাম বোল হৰি বোল ইহাতে ভাৰশা॥
কহয় গোপাল দেব এড়া আন কাম।
মায়া নচাৰোক তবু নেৰিবাহা নাম॥
জীবন যৌবন ইটো কচুপাত পাণী।
লোৱা ৰাম নাম ডাকি সংসাৰ তৰণী॥