পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
চতুৰ্থ স্কন্ধ।

ভণিল গোপাল দেব গুৰুপদ ৰজে।
হৰি হৰি বোলা ডাকি সকলে সমাজে॥



ধৰ্ম্মৰীতি কথন।
পদ


ব্যাস নিগদতি ৰাজা কিকৈবো বহুত।
সৰ্ব্বেদ্ৰোহ বুদ্ধি ধৰ্ম্ম আত্না আছে কৈত॥
সহস্ৰৰ মাঝে এক ধৰ্ম্মত্মা বিৰল।
সৰ্ব্ব চৰাচৰ পাপ মতিক্ৰুৰ খল॥
স্থাবৰ জঙ্গম চৰাচৰ বিশ্বইটো।
ৰাগ লোভ অহঙ্কাৰে পূৰ্ণ মায়া হেতু॥
দেবাসুৰ সম জ্ঞাতি দ্ৰোহকৰ্মে ৰত।
মনুষ্য তিৰ্য্যগ মধ্যে নহয় ইমত॥
তপসীৰ মধ্যে যিটো জন দ্ৰোহ হীন।
জ্ঞানবান শান্ত শুদ্ধ যোগ পৰায়ণ॥
তাতো ইন্দ্ৰ আসি তাঙ্ক জপে বিঘ্ন কৰে।
বিশেষত কলিকালে দোৰ্ঘোৰ সংসাৰে॥
সত্যযুগে সত্যধৰ্ম্ম সাক্ষাতে বৰ্ত্তয়।
যুগ অনুৰূপে ক্ৰিয়৷ যুগে যুগে হয়॥

 *8*