পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
শ্ৰীশ্ৰীদেবী ভাগবত।

আৰু তাত বাজে যাৰ মন শুপবিত্ৰ।
সিটোজন মাত্ৰ সম্যকতে ফল পাত্ৰ॥
মন শুদ্ধি নাহি যাৰ ফল নাহি পায়।
কৰ্ত্তা ক্ৰিয়া কাল যদি তাতে শুছিহয়॥
দেশকাল পাত্ৰ আৰু মনশুদ্ধি ভৈলে।
তাতেসে কৰ্ম্মৰ ফল সম্যকতে মিলে॥
শত্ৰুনাশ কৰিনিজ উপকাৰ সাধে।
আচৰে সুকৃত যদি তাতো ফলে বাধে॥
স্বাৰ্থসিদ্ধ পুৰুষে নজানি শুভাশুভ।
দৈবাধীনে কৰে কাৰ্য্য পাপমাত্ৰ লাভ॥
প্ৰজাপতি হন্তে দেব অসুৰ জন্মিল।
সবে নিজ অৰ্থে পৰস্পৰে বৈৰী ভৈল॥
সত্বগুণে দেব ৰজ গুণত মানুহ।
তমোগুণে ভুত প্ৰেত দানব পিশাঞ্চ॥
কিকৈব বিচিত্ৰ ৰাজা সবে জ্ঞাতি বৈৰী।
দেব সব দ্ৰোহাচাৰী তপো বিঘ্নকাৰী॥
অসন্তুষ্ট হিংসাতে বিৰোধী আচাৰ৷
ইৰূপ নকৰে হিংসা লোভ নাই যাৰ॥
চতুৰ্থ অধ্যায় পদ ব্যাসৰ বৰ্ণন।
ধৰ্ম্ম অৰ্থ বাখ্যানাম পৰম গহণ॥