পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
শ্ৰীশ্ৰীদেবী ভাগৱত।

অন্য যুগে সৰ্ব্বজন সত্য ধৰ্ম্মেৰত।
কলিকালে কদাচিতো এক ধৰ্ম্মবন্ত॥
ধৰ্ম্মত হোৱন্ত নৃপ বাসনা জনম।
ধৰ্ম্ম যদি গ্লানি হয় বাসনা মলিন॥
বাসনা মলিনে হয় সত্যৰ বিনাশ।
শুনা মই কহো তাৰ এক ইতিহাস॥
ব্ৰহ্মাৰ মানস পুত্ৰ ধৰ্ম্মভৈল জাত।
সত্যবাদী জিতেন্দ্ৰিয় বেদ ধৰ্ম্মেৰত॥
দক্ষ কন্যা দশজন ধৰ্ম্ম বিহাইল।
বিধিমতে দশ কন্যা পৰিণয় কৈল॥
তাসম্বাৰ মধ্যে মূৰ্ত্তি নাম ৰমণীত।
হৰি কৃষ্ণ নৰ নাৰায়ণ ভৈলা জাত॥
হৰি কৃষ্ণ কৰে যোগ অভ্যাস সদত।
নৰ নাৰায়ণ দুয়ো তপস্যা কৰন্ত॥
হিমালয়ে গৈই দুয়ো বদৰিকাশ্ৰমে।
তপসীৰ বেশে কৰে তপ আচৰণ॥
তাৰ পৰে ব্ৰহ্ম লভি গঙ্গাতীৰে গৈল।
হৰি অংশী নৰ নাৰায়ণ তাতে ৰৈল॥
সম্পূৰ্ণ সহস্ৰ বৰ্ষ তপ আচৰন্ত।
তপ তেজে চৰাচৰ তাপিত ভৈলন্ত॥