পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
চতুৰ্থস্কন্ধ।

সকলকে মোহে মায়া সমস্ত জগত।
অসত্যো কৰাই যিটো কাৰ্য্য কাৰণত॥
ইন্দ্ৰিয় বিষয়ে নৰে ভৈলে চিন্তাহীন।
লোভ লগাই কৰে তেবে পাপত মগণ॥
লোভ মোহ কাম ক্ৰোধ বৈৰি বলবান।
ভাল মন্দ প্ৰাণী নজানন্ত সিকাৰণ॥
অহঙ্কাৰে মোহ জন্মে মোহতে মৰণ।
বহু লালশাত মজি হৰাই চেতন॥
ৰাগ দ্বেষ হিংসা ঘৃণা তৃষ্ণা আশালতা।
ণীচুভাব মদগৰ্ব্ব হৰিষ দুঃখিতা॥
মায়া মোহ হুইলে ইটো প্ৰাণীৰ উপজে।
কৰন্ত বিবিধ কাম মোহজালে ধৰ্ষে॥
যজ্ঞ দান তীৰ্থ ব্ৰত নিয়ম সংযম।
অহঙ্কাৰে বদ্ধ পুৰুষৰ ইটো ধৰ্ম্ম॥
অহং ভাবে কৰে কৰ্ম্ম মন শুদ্ধিনাই।
ৰাগ লোভে কৃতকৰ্ম্ম অশুদ্ধ নিশ্চয়॥
প্ৰথমতে দ্ৰব্য শুধি সবাতে প্ৰধাণ।
ন্যায় উপাৰ্জ্জিত দ্ৰব্য প্ৰশস্ত কৰ্ম্মণ॥
দ্ৰোহকৰি দ্ৰব্য উপাৰ্জিয়া কৰ্ম্ম কৰে।
কালে নৃপ তাৰ বিপৰীত ফল ধৰে॥