পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
শ্ৰীশ্ৰীদেবী ভাগবত

ধৰ্ম্মৰ উপৰি ৰাজা কোনো বৰ নাই।
দেহীৰ দুঃসাধ্য ধৰ্ম্ম সত্যত বৰ্ত্তয়।
তিনগুণা ময়া বহুৰূপী বলবতী।
তিনগুণে সিটো মায়া নিৰ্মিলন্ত সৃষ্টি॥
মায়াহেতু সত্য কৈত থাকিবে পাৰয়।
মিশ্ৰভাবে মাত্ৰ প্ৰাণী জনত বৰ্ত্তয়॥
সঙ্গহীন স্পৃহাহীন ঋষি নাৰায়ণ।
সত্যবাদী লোভ মোহ কাম গন্ধ হীন॥
দৃষ্টান্ত দেখাবে লাগি তাহাঙ্ক স্ৰজিল।
তাত বাজে আনসৰ্ব্ব গুণময় বোল।
বেদ কি পুৰাণ ধৰ্ম্মশাস্ত্ৰে অগণণে॥
সগুণ বিনাই একো বাক্য নাহিবৰ্ণে॥
সগুণে সগুণ সৃষ্টি নিৰ্গুণে নোহয়।
সত্ত্বৰজ তম গুণ মিশ্ৰ ভাবে ৰয়॥
নিৰ্ব্বিাৰ ধৰ্ম্মে মতি কাৰো স্থিৰ নোহে।
ভবভূমে জন্মমাত্ৰ ধৰে মাঁয়া মোহে॥
মনেৰে আশক্তি ইন্দ্ৰিয়েৰে কাম।
মায়াগুণে বৰ্ত্তি কৰে বিবিধ কৰম॥
ব্ৰহ্মাদি সমস্ত প্ৰাণী স্থাবৰ জঙ্গম।
সবে মায়া বশ ৰাজ৷ মায়াৰ খেলন॥