পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
চতুৰ্থ স্কন্ধ।

দানকে চতুৰ্থ পাদ পুৰাণে কহয়।
আত বাজে আৰু কৈত ধৰ্ম্ম' প্ৰবৰ্ত্তয়॥
ধৰ্ম্মহীন কৰ্ম্ম কৰি কিবা ফল পায়।
ধৰ্ম্মৱন্ত লোক কভু প্ৰত্যয় নাযায়॥
ছল কৰিবাক বিষ্ণু বামণ ভৈলন্ত।
বলিক বঞ্চিত কৰি পতালে নিলন্ত॥
ধৰ্ম্ম নিষ্ঠ দানী সত্যবাদী জিতেন্দ্ৰিয়া।
শত যজ্ঞ কৈল বেদ পন্থে প্ৰবৰ্ত্তিয়া॥
নিজেস্থান এৰি তবু বিষ্ণুক নেৰিল।
হেনয় বলিক কৃষ্ণে ছলনা কৰিল॥
ইহাৰ কাৰণ দেব বুজাই কহিবা।
পুৰাণৰ কৰ্ত্তা তুমি সন্দেহ খণ্ডিবা॥

অথ ব্যাস দেবৰ উত্তৰ।

পদ।

ব্যাস নিগদতি শুনা প্ৰশ্নৰ উত্তৰ।
বলিক ছলনা কৰি যিটো দামোদৰ॥
কাঢ়ি লৈল ৰাজ্য ত্ৰিবিক্ৰম তাৰনাম।
বলি ছলনৰ হেতু উৎপত্তি বামণ॥
ছলকৰি বলিৰাজে সুতলে খেদিল।
বলিয়ো ছলিল তাঙ্ক দুৱৰি কৰিল॥