সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
শ্ৰীশ্ৰীদেবী ভাগবত।

সবাকে বিৰুদ্ধ ধৰ্ম্মে কৃষ্ণ প্ৰবৰ্ত্তাইল।
অনিত্য সংসাৰ বুজাই অনৰ্থ কৰাইল॥
দেব অংশে জাত কেনে কৰে নিন্দাধৰ্ম্ম।
হৰি হৰি ধৰ্ম্ম কাস্থা প্ৰমাণে অধৰ্ম্ম॥
তাৰ কথা শুনি চিত্ত ভৈলন্ত চঞ্চল।
নিজ বাক্যে প্ৰমাণ পৰত কিবা স্থল॥
আগতে চীতল দেখো পিঠিতে কাইট।
ধৰ্ম্মৰ প্ৰমাণ তেবে থাকিলন্ত কৈত॥
পুৰুষ বিষয়ে মগ্ন সদাৰাগ দ্বেষ।
ৰাগ হিংসা মূল ঋষি কৰে অৰ্থ নাশ॥
স্বাৰ্থ সিদ্ধি লাগি হিংসা অসত্য বচন।
কৃষ্ণ কৰাইলন্ত জৰাসন্ধক নিধন॥
চদ্ম কৰি ব্ৰাহ্মণৰ বেশক আচৰি।
আপ্ত সিদ্ধি লাগি জৰাসন্ধে মেৰাই হৰি।
কেনেকুৱা শান্ত গুণ ইটো মাধবৰ॥
যজ্ঞ লাগি অৰ্জ্জুনো হইল সেহিবৰ।
কোন ৰূপ যজ্ঞ ইটো ভৈল তেবে গুৰু॥
পৰকাল অৰ্থে কিম্বা যশ কল্পতৰু।
প্ৰথমৰ ধৰ্ম্মৰ পাদ শুনো সত্য বাক॥
শুচি সঞ্জ দ্বিতীয় তৃতীয় দয়া ঢাক॥