পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
চতুৰ্থ স্কন্ধ।


জন্মেজয়ৰ সন্দেহ প্ৰশ্ন॥

পদ।

জন্মেজয় বদতি শুনিয়ো গুৰু দেৱ।
দাৰুণ সন্দেহ ইটো পৰম বিস্ময়॥
আখ্যান শুনিয়া অতি মিলিল বিস্ময়।
পাপ ৰূপ সংসাৰে মুক্তিৰ নাহিচয়॥
ত্ৰিলোক বিভব শালী কশ্যপ ৰমণী।
কৰিল ইহেন ঘৃণা পাপ জানি শুনি॥
কোনে ইদৃশ কাৰ্য্য নকৰে ভূতলে।
গৰ্ভে প্ৰবেশিয়া ভ্ৰুণ হত্যা পাপ কৰে॥
মাতৃ সেবা ছলে কৈল অদ্ভুত শপথ।
সত্য ধৰ্ম্ম লোপ কৰি ত্ৰিলোকে আখ্যাত॥
এতা দৃশ কাৰ্য্য কভু কেহো নাহি কৰে।
ভ্ৰুণ হত্যা মহা পাপ গৰ্ভৰ ভিতৰে॥
কুৰু ক্ষেত্ৰ ৰণে মোৰ পিতা মহাবীৰ।
অধৰ্ম্ম আচৰি তাঙ্ক কৰিল সংহাৰ॥
ভীষ্ম দ্ৰোণ কৃপ কৰ্ণে আদি যত বীৰ।
ধৰ্ম্ম অংশে আৰু মহাৰাজ যুধিষ্ঠিৰ॥