সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৭
দেবীভাগৱত।

শাস্ত্ৰৰ নিগূঢ় ভাব বুজো কেনেকৰি।
এগাছি প্ৰদীপ তিনিভাগে ভেদকৰি॥
তিনিয়ো ভাগতে হোৱে সমানে প্ৰকাশ।
একেলগ কৰিলেও সেহি সে প্ৰকাশ॥
সাক্ষাতে দেখিছো মহাশক্তি বিৰাজিছে।
অনন্ত ব্ৰহ্মাণ্ডে সমভাবে প্ৰকাশিছে॥
সেহি শক্তি এৰিগৈলে সবে চাৰখাৰ।
ব্ৰহ্মাবিষ্ণু, মহেশ্বৰ হোবে শবাকাৰ॥
দেহী মাত্ৰে সৰ্ব্বজন শক্তিৰ অধীন।
সবাৰ উপৰ মাত্ৰ তুমি সে স্বাধীন॥
শ্বতন্ত্ৰ শকতি তুমি গুণে মাত্ৰ বুজো।
নাহি ঘৰবাড়ী দেহ কোনৰূপে পূজো॥

নামৰ মধ্যত তুমি আদি নাম গুৰুৰ মধ্যত গুৰু।
অনন্ত ব্ৰহ্মাণ্ডে তুমি আদিশক্তি মুক্তিদাতা কল্পতক।
 শ্ৰবণ কীৰ্ত্তন,  বন্দন তোমাৰ,
 অৰ্চ্চন পদ সেবন॥
 দাস্য সখীত্ব,  নববিধ ভক্তি,
 ভজনে নাহিক জ্ঞান।
 আত্ম নিবেদন,  সবাতে প্ৰধান,
 সৰ্ব্বত্ৰে তেমাক লক্ষো॥

*৩৪*