পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৬
চতুৰ্থ স্কন্ধ।॥

গ্ৰন্থকৰ্ত্তৰ মিনতি॥

জয়নমো জগত জননী নাৰায়নি।
অনন্ত ব্ৰহ্মণ্ড কোটি কৰণ কাৰুণী॥
তুমি আদি স্থূল সুক্ষা কল্পিত আকাৰ।
ভাবুকৰ ভাবমতে শৰীৰ বিচৰ॥
কোটি ব্ৰহ্মাবিষ্ণু, মহেশ্বৰ দেবগণ।
মায়াষে মোহিত দেহ ধাৰী সৰ্ব্বজন॥
সিসবৰো আদি তুমি সৰ্ব্বদেহ বৰ্ত্তি।
তোমাক চিন্তিৰে শক্তি নাই ভগবতি॥
বায়ূৰো তন্মাত্ৰা তুমি জ্যোতিৰো তন্মাত্ৰা।
কৰ্ম্মী জীব দেহমধ্যে তুমি অধিষ্ঠাতা॥
বাপত শকতি তুমি কিমতে চিন্তিবো।
আকৃতি আচৰিত তাতো সমৰ্থ নহইবো॥
এতেকতে মনে জ্ঞানে এক ভাবধৰি।
সুখে দুখে মুখেনাম ডাকো প্ৰাণভৰি॥
কালৰো অন্তক তুমি বিধিৰো বিধতা।
প্ৰকৃতি পুৰুষ নামে জ্যোতিৰ্ম্ময় আত্মা॥
নাজানি পামৰে আমি ভেদবুদ্ধি কৰো
জ্ঞানৰ বিলয়ে বৰ সৰু ভাগকৰো॥