পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৮
চতুৰ্থ স্কন্ধ।

জীবজন্তু কীট, চেতনৰহিত,
 পাষাণ বৃক্ষতো দেখো।

যেহিৰূপে বুদ্ধি তুমি দিলা ভগবতি!
বিৰচিলো ভাগবত পদ মূৰ্খমতি॥
জন্মেজয় আগে ব্যাসদেব নিবন্ধিলা।
পাঠ অন্তে তৈত পাছে নাৰদ আসিলা॥
দেবলোক আজি ৰাজা আশ্চৰ্য্য দেখিলো
সেহিবাৰ্ত্তা কহিবাক এথাত আসিলো॥
তযু পিতৃ পৰীক্ষিত নিজ কৰ্ম্মবলে।
দুৰ্গতি লভিয়া নৰ্ক ভোগত আছিলে॥
দিব্য দেহধৰি আজি বিমানে আৰোহি।
দেব অপেশ্বৰীৰ মিনতি স্তুতি লভি॥
দেবী পূৰ মনি দ্বীপে কৰিল গমন।
দেবী ভাগবত তুমি কৰিলা শ্ৰবন॥
সেহিফলে তয়ু পিতৃ মুকুতি লভিল।
মহাকাল বিপ্ৰ শাপ হন্তে নিস্তৰিল॥
আৰু অম্বা যজ্ঞ কৰি পিতৃক তাৰিলা।
ধন্যতুমি মহাৰাজ জনম ধৰিলা॥
মহন্তে বিচাৰি আবে দেখিয়ে৷ সম্যেক।
সঞ্জাত কৰিয়া মানা ব্যাস মুনি বাক্য॥