পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৫
শ্ৰীদেবীভাৱত।

লক্ষাবধি সৰোবৰ সুনিৰ্ম্মল জল।
তাত ফুলি আছে ৰত্নময় পদ্ম ফুল॥
শত যোজনক ব্যপি সুগন্ধ বহয়।
মন্দাৰ গাছত পৰ লতা জন্মিছয়॥
চিন্তামণি পূৰ জ্যোতি গগণে পৰসি।
আৰু ৰত্ন প্ৰভা জ্যোতি উদ্ভাসিছে দিশি॥
বৃক্ষৰ সুগন্ধ বায়ু বহি দশো দিকে।
মণি দ্বীপ আমোদিত কৰিছে সম্যেকে॥
মণিৰ উজ্জ্বল পাণী কৰে তলমল।
সহস্ৰ ধাৰায়ে যেন জৰে বিন্দু জল॥
দৰ্পণৰ মধ্যে যেন প্ৰতি বিম্ব দেখি।
তাতো কৰি মণি দ্বীপ পূৰীক উপেক্ষি॥
ব্ৰহ্মাণ্ড ঐশ্বৰ্য্য ব্ৰহ্মাণ্ডৰ ৰতি শক্তি।
ব্ৰহ্মাণ্ডৰ তেজ পৰাক্ৰম ৰূপ জ্যোতি॥
সমস্তৰ সমষ্টি স্বৰূপ মণি দ্বীপ।
তাক বৰ্ণিবাৰ শক্তি আছে কাৰ ভুপ॥
যথাবত জ্ঞানে মই কৰিলো কীৰ্ত্তন।
শ্ৰবণে কীৰ্ত্তনে নৰে পাবে পৰিত্ৰাণ॥