পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯২
চতুৰ্থ স্কন্ধ।

ৰত্ন সুবৰ্ণৰ নদীবহে স্ৰোত ধাৰে।
সপ্ত ধাতু বহানদী সংখ্যা কোনে কৰে॥
সমস্ত নদীয়ে সুধা সমুদ্ৰে পৰয়।
প্ৰতি ব্ৰহ্মাণ্ডৰ ৰত্ন লক্ষ্মীৰ আশ্ৰয়॥

ৰাজা।

ইটো মহা দেবী ভুবন ঈশ্বৰী।
বামভাগে সৰ্ব্বেশ্বৰ মহেশ বিহাৰী॥
যাৰ সম আন দেব নাই ত্ৰিভুবনে।
আৰু অন্য কোন দেব নাহি তাৰ সনে॥
চিন্তামণি মণ্ডপৰ শুনা পৰিমান।
আয়ামে ব্যায়ামে হয় সহস্ৰ যোজন॥
তাহাৰ উত্তৰে আছে মহাপীঠ সালা।
চিন্তামণি পীঠৰ দ্বিগুণ মহাসালা॥
সিটো পূৰী খান ৰহে আকাশ মণ্ডলে।
নাহিকে আধাৰ মাত্ৰ বায়ুৰ উপৰে॥
সঙ্কোচ বিকাস যেনে ধোপাবৰ আঠা।
টানিলে দীঘল এৰিদিলে বান্ধে গোটা॥
আকাশৰ পটৰূপে ৰহে সিটো স্থান।
মহা প্ৰলযতো তাৰ নাহি অকৈল্যান॥