পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯১
শ্ৰীদেবীভাগৱত।

কাপালত চিতি পাঁত্ৰী মুক্তাদোল মান।
জলমল কৰে কান্তি সূৰ্য্য যেন খান॥
নানা ৰত্নে নৃপুৰ পদত ৰুণজুন।
মুক্তিৰ সোপান ভকতৰ ভক্তিধন॥
সুগন্ধ মলিকা মালা গলেপৰি ধান।
কুচগিৰি পৰেদুলি কৰিছে শোভন॥
চতুৰ্ভুজ বৰাভয় পাশাঙ্কুশ ধাৰি।
সকল শৃঙ্গাৰ বেশী সুকোমল শৰী॥
কোটি কোটি ৰবিশশী জিনি দেহকান্তি।
তুলন দিবাৰ স্থল নাহিকে নৃপতি॥
কোটি কোটি দাসী কোটি কোটি সখীগণ।
দেবসমে দেবনাৰী কৰে বিচৰণ॥
ইচ্ছাক্ৰিয়া জ্ঞানশক্তি লজ্জা তুষ্টি পুষ্টি।
কীৰ্ত্তি মেধা দয়াকান্তি ক্ষমা লক্ষ্মী মূৰ্ত্তি॥
অজিতা অপৰাজিতা জয়া স্ত্ৰী বিজয়া।
নিত্য বিলাসিনী স্মৃতি দোগ্ধী ঘোৰামায়া॥
মঙ্গালাক আদি ইটো সপীঠ শক্তি।
ইসবৰ পাৰ্শ্বভাগে ৰত্ন নিধী কোটি॥
শঙ্খপথ মহাপথ নাহি পৰিমাণ৷
সুবৰ্ণ ৰতন শ্ৰাবী নদী বহুমান॥