পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৩
শ্ৰীদেবীভাগৱত।

সৰ্ব্ব সালা উপৰি সাবৰ কান্তি মান।
চিন্তমণি গৃহ সালা মহাদেবী স্থান॥
প্ৰতি ব্ৰহ্মাণ্ডৰ যত মান উপাসক।
দেব নাগ মনুষ্য ভূচৰ যত লোক॥
সকলোকে দেবী ইটো স্থানতে ৰাখয়।
জন্ম জৰা ব্যাধি মৃত্যু কিচু নাহি তয়॥
দেবী আৰাধনে দেবী ক্ষেত্ৰে প্ৰাণ এৰে।
সিটো সব লোক যায় ইটো স্থানো পৰে।
ঘৃত দধি দুগ্ধ মধু ক্ষীৰ সৰোবৰ।
দ্ৰাক্ষাৰস অমৃত খজুৰ মহা সৰ॥
জাম্ব আম্ৰ ইক্ষু ৰস শ্ৰাবী নদীমান।
শত সহস্ৰেক তাত আছন্ত ৰাজন॥
মনোৰথ ফলা বৃক্ষ বাপী কুপ চয়।
সিয়ো শত সহস্ৰেক তথাতে আছয়॥
নাহিচিন্তা হিংসা কাম ক্ৰোধ লোভ মোহ।
সৰ্ব্বজন যুবক আপোন নাৰীসহ॥
সহস্ৰ আদিত্য সম প্ৰকাশী থাকয়।
তৈতে বসি ভূবনেশ্বৰীক আৰাধয়॥
কেহোজন লোক পায় কেহোবা সামীপ্য।
কেহোবা সাযুজ্য পায় কেহোবা সাৰূপ্য॥