সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
শ্ৰীশ্ৰী দেবীভাগৱত।

পুত্ৰলাগি দিতি তুমি নকৰা বিমন।
হুইবে তোমাৰ স্থত বায়ু বলবান॥
দেবমধ্যে বলৱন্ত ইন্দ্ৰ সখা হৱে।
সমস্ত ব্ৰহ্মাণ্ডে নিজবলে বিহৰিবে॥
অষ্টবিংশ যুগভৈলে দ্বাপৰৰ শেষে।
তবশাপে মনুষ্যে জন্মিবে নিজ অংশে॥
বৰুণেয়ো দিল শাপ সন্তাপ লভিয়া।
দুইশাপে মানুষী হুইবে পৰে গৈয়া॥
এতেকে প্ৰবোধে পাছে পতি শান্ত কৈল।
শান্ত লভি তাত পাছে কিঞ্চিত বুলিল॥
কীৰ্ত্তন কৰিলো ইটো শাপৰ কাৰণ।
দৈবকী ৰেবতী জন্ম লভিলে যেহেন॥
পুন্য ভাগবত পদ চতুৰ্থ স্কন্ধৰ।
তৃতীয় অধ্যায় নাম দিতি গৰ্ভ চোৰ॥
কৌশীকৰ বংশে জাত গোপাল ঠাকুৰ।
বিৰচিল পদৰ সময় তত্বসাৰ॥
শ্ৰবণে কীৰ্ত্তনে খণ্ডে কলিৰ কলুষ।
বোলা ৰাম ৰাম ডাকি আয়ু হই শেষ॥