পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
২৯
চতুৰ্থ স্কন্ধ

ভগণীৰ বুদ্ধিপাই ছলে দেবৰাজ।
ক্ষুদ্ৰৰূপে গৰ্ভে পশি কৈ
এভভাবি ক্ৰোধে দিতি অভিশাপ দিন।
ইন্দ্ৰপ্ৰতি চাহি হেন বচন বুলিল |
ইন্দ্ৰ তোৰ মাতৃ তই সত্য পৰায়ণ।
চদ্মকৰি গৰ্ভে পুত্ৰ কৰিলি নিধন।
এতেকতে বোলো তোৰ ৰাজ্যনাশ হৌক।
ত্ৰিভুবনে অধিকাৰ তোৰ নষ্ট যাউক I
যেহিৰূপে গুপ্তে মোৰ গৰ্ভনাশ কৈল।
পাপিষ্ঠী অদিতি মোৰপুত্ৰ মৰাইল।
তাৰো পুত্ৰ পূনু পুনু জনমি মৰোক।
পোটাসালে বন্দি পুত্ৰ শোকত কান্দোক
অন্যজন্ম লভি তাই মৃত বৎসা হুইব।
মোৰ অভিশাপ বাণী কভু নখণ্ডিব॥

⚊⚬⚊

কশ্যপৰ শান্তনা।

পদ।

ব্যাস কহে শাপাশুনি মৰীচি নন্দন।
শান্ত বাক্যে ৰমণীক কৰন্ত শান্তন।