পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৬
চতুৰ্থ স্কন্ধ।

সুৰাহুৰ বিমৰ্দ্দিনী, দেখী উৰ্দ্ধকেশী।
বহুশীৰ্ষা, বৃকোদৰী, দেবী পৃষ্ঠমুখী॥
ৰথ ৰেখা, ৰথবয়া, শশীৰেখা, পৰা।
গগণ, পবনবেগা, মদন আতুৰা॥
অনঙ্গা, ভূবনপালা, অনঙ্গমথণা।
অনঙ্গ মেখলা, আৰু অনঙ্গ কুসুমা॥
বিশ্বৰূপা, সুবাৰ্দ্দিকা, দেবীক্ষয়ঙ্কৰী।
সত্যবাদী, বহুৰূপা, ক্ষোভা বাগীশ্বৰী॥
শুচিব্ৰতা, উদৰাক্ষা চতুঃষষ্ঠি শক্তি।
জ্বলজ্জিহ্বামুখী, আৰু বহ্নিমুখী আদি॥
শুশিব সকল জল অগ্নিপান কৰো।
বায়ুৰূদ্ধ কৰো সৰ্ব্ব জগত সংহাৰো॥
ক্ৰোধে ৰক্তনেত্ৰ সদা এই বাক্য কহে।
ধনুৰ্ব্বান ধৰি সবে যুদ্ধসাজে ৰহে॥
দন্ত কটকটি শব্দে জগত বধিৰী।
পিঙ্গ উৰ্দ্ধকেশী সদা ৰহে ধনুধৰি॥
শত অক্ষৌহিণী সেনা শক্তিৰে সমান।
একে৷জনে ব্ৰহ্মাণ্ড ধ্বংসিবে শক্তিমান॥
শত অক্ষৌহিণী সেনা সবে সেহিৰূপ।
নপাৰে জগত কিকৰিবে সিটোসব॥