পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৭
শ্ৰীদেবীভাগবত।

যুদ্ধৰ সামগ্ৰি সৰ্ব্ব আছে সিপুৰীত।
হয় হস্তি ৰথৰ গণনা নাহি তৈত॥
অস্ত্ৰ শস্ত্ৰ সৈন্যৰ গণতি কিছু নাই।
যতলাগে যিবা ভাতে সব পাই॥
পদ্মৰাগ অগ্ৰভাগে গোপূৰ মহা সাল।
দীঘ্ৰে দশ যোজন প্ৰাচীৰ সুবিশাল॥
বৈদুৰ্য্য মণিয়ে গঢ়ি ছন্ত গঢ় চয়।
সূৰ্য্য মুখী পুষ্পসম মধ্য স্থান হয়॥
সিটো স্থান বাসী সবে বৈদুৰ্য্য সমান।
বৃক্ষ পক্ষী স্তম্ভকুপ সবে সেছি থান॥
ঙ্কুকুম অৰুণ জিণি বেদুৰ্য্যৰ প্ৰভা।
স্ফটিকৰ জল সৰোবৰ কৰে শোভা॥
তথাতে দ্বাত্ৰিং শচ্চক্তি আছে মহা দেবী।
নানা অস্ত্ৰে শস্ত্ৰে হীৰা মণি ৰত্নে শোভি॥
প্ৰতি লোক নিবাসী সমস্ত জনমানে।
গোমেদ স্থানত ৰহে সন্নাহা বসনে॥
সিটো স্থলবাসী সবে পিশাঞ্চৰ মুখ।
স্বলোক নিবাসী সদা পুজে চক্ৰভুক॥
কাট ছিঙ্গ দহ পাছ বচন তুমুল॥
সৰ্ব্বদায়ে ক্ৰোধ ৰক্তনেত্ৰ ওৰফুল॥