পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৫
শ্ৰীদেবীভাগৱত।

মনিময় স্তম্ভৰাশি শোভে সাৰি সাৰি।
চৌষষ্ঠি কলায়ে মধ্য ভুমিখাণ বেঢ়ি॥
ৰত্ন আভৰণে বীৰগণে অস্ত্ৰধৰি।
পূৰী ৰক্ষা কৰে সদা আনন্দে বিহৰি॥
সমস্ত লোকৰ যত নায়ক আছয়।
আৰু পদ্মৰাগ ৰত্ন যৈত যিবা ৰয়॥
সমস্তি স্বৰূপে তাত পৰিবাৰ সমে।
সৰ্ব্বলোক নায়ক বসন্ত অনুক্ৰমে॥
নিজ নিজ লোক নিজ বাহন সহিত।
পদ্মৰাগময় সব শক্তি বৈসে তাত॥
পিঙ্গলাক্ষী বিশালাক্ষী বৃদ্ধি যে সমৃদ্ধি।
স্বাহা, স্বপ্না, শ্ৰদ্ধামায়া, আৰু বসুধাত্ৰী॥
সাবিত্ৰী, ত্ৰিলোকধাত্ৰী, গায়ত্ৰী সুৰূপা।
ত্ৰিদশ ঈশ্বৰী, স্কন্দমাতা, শতৰূপা॥
বিমলা, অচ্যুতপ্ৰিযা, চামলা, অৰুণী।
প্ৰকৃতি, বিকৃতি, সৃষ্টি, স্থিতি, পূণাৰুণী॥
সংহৰতী, সন্ধ্যামাতা, সতী, হংসীপৰা।
মৰ্দ্দিকা, ৰঞ্জিকা, দেবমায়া, যে অপৰা॥
দেবকী, কমলাসনা, দেবী ভগবতী।
সপ্তমুখী, ত্ৰিমুখী, ত্ৰিশূলী, লম্বওষ্ঠী॥