পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৪
চতুৰ্থ স্কন্ধ।

যিটো অন্তৰীক্ষ চৰ, যিটো ভূমি চৰ।
ৰুদ্ৰাধ্যায়ে বৰ্ণনা হইছে যিসবৰ॥
সিটে৷ সবৰুদ্ৰ তৈত কৰয় বসতি।
ভদ্ৰ কালী আদি মাতৃ ৰুদ্ৰানী কতকোটী॥
নানা শক্তি সমন্বিতে ভূত প্ৰেত লই।
বীৰভদ্ৰ সমে ৰুদ্ৰ তথাতে থাকয়॥
মুণ্ডমালা ব্যাঘ্ৰচৰ্ম্ম গলে নাগহাৰ।
চিতাভস্ম লেপি সৰ্ব্ব প্ৰথমে বিহাৰ॥
ডম্বৰু ধ্বনিতে দশদিক কৰ্ণৰূদ্ধ।
অট্টহাসি ঘোৰ শব্দে গগণ ত্ৰাসিত॥
ভূতসেনা সমে ভূতপতি মহেশ্বৰ।
ঈষাণ দিশৰ অধিপতি নাম তাৰ॥

মধ্যশালা বৰ্ণন।
পদ।

পুষ্পৰাগ সাল অগ্ৰে বুঙ্কুম সদৃশ।
প্ৰভাতী অৰুণ বৰ্ণ পদ্মৰাগ সাল॥
দীঘলে যোজণ দশ দ্বাৰ মনোৰূপ।
তৈতে শত শত আছে ৰতণ মণ্ডপ॥