পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৩
শ্ৰীদেবীভাগৱত।

বায়ুসিদ্ধ যোগি তৈত কৰন্ত বসতি।
ধ্বজ হস্তে মৰুদ গণ মৃগ যানে উঠি॥
নিজ পৰিবাৰ সমে পূৰি ৰক্ষাকৰে।
বায়ুৰ সমষ্টি সেহি পূৰত বিহৰে॥
উত্তৰে যক্ষৰ পূৰী যক্ষ অধি পতি।
বৃদ্ধি ঋদ্ধি মুখ্যে তাৰ আছে বহুশক্তি।
নবনিধি পৰ্ব্বত আকাৰ ধনপতি।
মহাপথ ধনৰক্ষা কৰে সেনাপতি॥
মণি ভদ্ৰ মণি নান মণি মণি কন্ধি।
পূৰ্ণভদ্ৰ মণি ভুষা মণি মণি স্ৰগ্ধী॥
এহি সব যক্ষলেনা সপৰি বাৰকে।
ব্ৰহ্মাণ্ড সমষ্টি মহাযক্ষ তৈতে থাকে॥
ঈষান কোনত মহাৰুদ্ৰ লোক খান।
ৰত্নে বিখছিত ৰুদ্ৰদেব অধিষ্ঠান॥
মন্যু মান বন্ধ পৃষ্ঠ সুদীপ্তনয়ণ।
ফুৰ্জ্জ সূৰ্ব্ব মহেশ্ব বিজ্যব মহামান॥
নিজ সম অসংখ্যাত শূলধাৰী ৰুদ্ৰ।
বিকট কৰাল কতো অগ্নি যুৰ্দ্ধ॥
দশ হস্ত শত হস্ত মহস্ৰেক হাত।
দশ পদ দশ স্কন্ধ মহোগ্ৰ ত্ৰিনেত্ৰ॥

*৩২*