পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭২
চতুৰ্থ স্কন্ধ।

দেবকন্যা সমে তৈত শচীয়ে৷ বিৰাজে।
সৰ্ব্বমুখ্যা দেবী কোটি ব্ৰহ্মাণ্ডৰ মাজে॥
বহ্নি কোনে বহ্নি পূৰী অগণি সমাণ।
স্বধা স্বাহা ভাৰ্য্যা সমে অগণিৰ স্থান॥
বাহনে ভুষণে নিজ সৈন্য পাৰিষদে।
কোটি ব্ৰহ্মাণ্ডৰ মুখ্য অগ্নি থাকে তাতে॥
প্ৰতি ব্ৰহ্মাণ্ডৰ ইন্দ্ৰ আৰু অস্ত্ৰ সস্ত্ৰ।
সমাষ্টিক আত্মা মুখ্য ৰূপে আছে তৈত॥
যাম্যদিকে যমপূৰী যমৰাজ স্থান।
চিত্ৰগুপ্ত আৰু নিজ পৰিবাৰ গণ॥
সমষ্টি স্বৰূণ মহামুখ্য যমৰাজ।
সৰ্ব্বসমে ইটো স্থানে কৰন্ত বিৰাজ॥
নৈঋতি কোনত সৰ্ব্ব ৰাক্ষস বঃয়।
তথাতে নিঋতিৰাজ অধি পতি হয়॥
খড়্গ ধাৰী ৰাক্ষস সকলে পূৰী ৰাখে।
নিজ পৰিবাৰ সমে নিঋতিয়ো থাকে॥
বৰুণ দিশত ৰহে বৰুণ ৰাজন।
পাশহস্ত মধুপানে মও সৰ্ব্বজন॥
বায়ু কোনে বাযুলোক তাৰ ৰাজা বায়ু৷
মহা বায়ু সমষ্টি জগত পৰমায়ু॥