পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭১
শ্ৰীদেবীভাগৱত।

ৰত্নময় বৃক্ষলতা সবে পুষ্পৰাগ।
ৰত্ন গঢ় ৰত্নলতা ৰতন সোহাগ॥
বনপক্ষী বনজন্তু সৰোবৰ জল।
মণ্ড পৰস্তম্ভ আৰু মণ্ডপ সকল॥
ভেট উতপল কুন্দ কুমুদ কহ্নাৰ।
গঢ়ৰ যি ৰত্ন ইসবেয়ো সেহিধৰ॥
অতি উক্তি নিন্দাহেন নুবুজিবা ৰাজা।
গৃহদৰ্জা মণ্ডপ সকলে ৰত্ন সজা॥
পূৰ্ব্ব পূৰ্ব্ব সালাহন্তে পৰ সালাসব।
লক্ষগুণ তেজোমন্ত মহত বৈভব॥
প্ৰতি ব্ৰহ্মাণ্ডৰ যত দিক পালগণ।
সৰ্ব্বদিক পাল আত্মাৰূপী অস্ত্ৰ গণ॥
সেহিস্থানে নিবসতি কৰে নৃপবৰ।
পূৰ্ব্ব দিকে উচ্চ শৃঙ্গ মহেন্দ্ৰ নগৰ॥
নানাউপবন তৈতে ইন্দ্ৰ ৰাজ্য কৰে।
স্বৰ্গতো অধিক শোভা ধৰে ইটো পূৰে।
সমস্ত ইন্দ্ৰৰ ইটো জন মহাইন্দ্ৰ।
ঐৰাবতে চড়ি বজ্ৰ থৰি বিহৰন্ত॥
সৰ্ব্বহন্তে সহস্ৰেক গুণৰ উপৰ।
দেব সেনা দমে ৰাজ্য কৰে নিৰন্তৰ॥