পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭০
চতুৰ্থ স্কন্ধ।

দেবী উপাসক দেবী ব্ৰত কাৰীজন।
সেহি সব লোক অৰ্থে ইটোমহা স্থান॥
ৰৌপ্যমালা অগ্ৰে সপ্ত যোজন দীঘল।
সুবৰ্ণৰ সালা খান কৰে জলমল॥
তাৰমধ্যে কদম্ব বাটীকা মনোহৰ।
তৃণ গুল্ম পত্ৰ পুষ্পে শোভিত অপাৰ॥
কদম্বৰ মধু বহে সহস্ৰ ধাৰয়ে।
নিজানন্দে সব লোক আনন্দে বিহৰে॥
পিয়ে কিনি পিয়ে তবু তথাতে বিহাৰ।
তীৰ অধিপতি ঋতু থাকন্ত শিশিৰ॥
তপ আৰু তপ শক্তি তাৰদুই ভাৰ্য্যা।
আজ্ঞালই তাসম্বাৰ সমেকৰে ক্ৰীড়া॥
দেবীঅৰ্থে দানকাৰী সিদ্ধ লোকজন।
বিবিধ বিলাসে পৰিবাৰ সৰ্ব্বজন॥
নানা ভোগ উপভোগে আনন্দিত হুই।
সিটো স্থানে ৰহেদাস দাসী সমে গই॥
স্বৰ্ণমালা অগ্ৰে সপ্ত যোজণ প্ৰমাণ।
পুষ্পৰাগ সালাখান উদয় তপন॥
কুঙ্কুম অৰুণ বৰ্ণ পূষ্পৰাগময়।
পুষ্পৰাগ ভূমিবণ উপবণ চয়॥