পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
শ্ৰীশ্ৰী দেবী ভাগবত।

পদ সেবা লাগি মই আসিছো হেথাত।
কৰো পদসেবা মাতৃ কৰা অভিমত॥
গুৰু শুশ্ৰুষাৰ পূন্য অক্ষয় জননী।
বিশেষে তোমৰা দুয়ো সহোদৰা ভগ্নী॥
এত কহি ভৰিধৰি টিপিবে লাগিল।
হাত বুলাই পদ মাৰ্য্যি কৰে সুশিতল॥
পাদ সংবাহন পাই গৰ্ভিনী সুন্দৰী।
সুখ অনুভবে নিদ্ৰা গৈল শীঘ্ৰ কৰি॥
শ্ৰান্তভৈল সঞ্জাত কৰিয়া নিদ্ৰাগৈল।
ঘোৰনিদ্ৰা দেখি ইন্দ্ৰ তাতে ছল পাইল॥
অতি ক্ষুদ্ৰ ৰূপধৰি হাতে অস্ত্ৰলই।
যোগবলে গৰ্ভে পশি কাটিলন্ত গই॥
বজ্ৰ ঘাৱে সপ্তখণ্ড কৰি ছেদিলন্ত।
এক এক খণ্ড পুনু সপ্তকৰি লন্ত॥
অন্তৰে বেদনা পাই কান্দিল বালিকা।
গৰ্ভমধ্যে মহা পীড়া বিষ বহ্নি শিখা॥
লাহে লাহে কহে ইন্দ্ৰ নকান্দিবা মাতা।
কিনো দুঃখ পাইলা পদ সেবিছো সৰ্ব্বথা॥
এহিমতে উনুপঞ্চাশত বায়ুভৈল।
দিতিয়ে জানিল ইন্জে গৰ্ভনষ্ট কৈল॥