পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৪
চতুৰ্থ স্কন্ধ।

বহলে যোজন সপ্ত আকাশ লঙ্ঘিছে।
দানা অস্ত্ৰ সন্ত্ৰধৰি ৰক্ষকে ৰাক্ষিছে॥
যুদ্ধ বিষাৰদ সৰ্ব্ব ৰক্ষক তথাত।
চাৰি দ্বাৰে দ্বাৰপাল আছে শত শত॥
দেবী ভক্ত গণসবে দ্বাৰ ৰক্ষা কৰে।
অজ্ঞাবিনা কোনে দেব যাইবে নাহিপাৰে॥
যেহিজন দেবীদৰ্শনাৰ্থে তৈত যায়।
বাহনে সহিতে দ্বাৰ মুখত থাকয়॥
শত শত বিমান ঘণ্টা মাদে মনোহৰ।
ঘোটকৰ খুৰাশব্দে কৰ্ণহোৱে স্থিৰ॥
কিল কিল শব্দে দেবী গণ সবে গই।
বেত্ৰাঘাত কৰি কতো দিয়ন্ত খেদাই॥
দেবতা সেবক সবে তথাতে ফুৰয়।
সিসবাৰ কোলা হলে কৰ্ণ ৰূদ্ধ হয়॥
নানা বাদ্য কোলাহলে শুনা নাহিযায়।
কদাচিত কোনে শব্দ শুনিবে পাৰয়॥
সুধাসৰো বৰে সুধা বাৰি পান কৰে।
সৰ্ব্বদায়ে স্বাদু জল মিলয় সবাৰে॥
ৰত্নবনে বিৰাজিত বিবিধ বাটিকা।
নাহি এতা অন্ততাৰ কোনে কৰে টীকা॥