পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীদেবীভাগৱত।

যুৰ্দ্ধিস্থানে মণিদ্বীপ ব্ৰহ্মৰন্ধ্ৰ ভেদি॥
তৈতে মিলে জীব ভব বন্ধ কৰ্ম্মছেদি॥
তাৰ সমস্থান নাই তিনিয়ো জগতে।
তিনিয়ে৷ জগত তাঙ্ক বহেছত্ৰা বৰ্ত্তে॥
ব্ৰহ্মাণ্ডৰ ছত্ৰ জ্যোতি হয় ব্ৰহ্মস্থান।
হোৱে তৈতে প্ৰকৃতি পুৰুষ বিভাজন॥
ৰামঅংশ হোৱে মূল প্ৰকৃতি পৰম।
দক্ষিনাংশ পুৰুষ শ্ৰীকৃষ্ণ যাৰ নাম॥
সেহি দুয়ো কৰেপাছে ব্ৰহ্মাণ্ড সৃজন।
কোটি কোটি ব্ৰহ্মাবিষ্ণু শিব অগণন॥
অনেক যোজন দীৰ্ঘ অনেক গম্ভীৰ।
মনিদ্বীপ বেঢ়ি আছে সুধা সৰোবৰ॥
সৰ্ব্বদায়ে বায়ুবহি তৰঙ্গ খেলন।
সুবৰ্ণ বালুকা শ্বেত শখে সুশোভিত॥
তৰঙ্গৰ ঊৰ্ম্মীকৰেকৰ্ণসু শীতল।
উচ্চধ্বজে পোতসব ফুৰে পাল পাল॥
নানাবিধ পোত নানা বিধ ধ্বজ উড়ে।
সুধা সমুদ্ৰৰ মাঝে আনন্দে বিহৰে॥
চৌদিকি বিৰাজ তাত ৰত্ন বনখান।
তাহাৰ উত্তৰে ধাতু ময় গড় ঘন॥