পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৫
শ্ৰীদেবীভাগৱত।

তাহাৰ উত্তৰে ৰত্ন নিৰ্ম্মিত মণ্ডল।
গঢ়চুড়া স্পৰ্ষি আছে গগণ উপৰ॥
পূৰ্ব্ব গঢ়হন্তে ইটো শতগুণ তেজী।
লতাদ্ৰুম পাদ পবিট পীৰত্ন ৰাজি॥
গোপূৰ কপাট তৈত বহু বৃক্ষ আছে।
ব্ৰহ্মাণ্ডৰ বৃক্ষমানে তথাতে ৰহিছে॥
নতুন পল্লব নানা পুষ্পে সুশোভিত।
নানা বিধ স্বাদুফলে সৰ্ব্বদা ফলিত॥
গন্ধে আমোদিত দশ দিক বহিযায়।
পনস বকুল আম্ৰ পলাশ ফুলয়॥
দেবদাৰু কাঞ্চন কণিক কৰঞ্জাৰ।
লঙ্গজায় দাৰুচিনী মাঞ্জিষ্ঠা গোন্ধায়॥
পাতল পটোল বট চম্পা নাগেশ্বৰ।
তমাল পীয়াল শাল দাড়িম্ব কৰ্পূৰ॥
বন্ধুলী খৰ্জ্জুৰী জামু বগৰী কুৰণ্ড।
কক্কোল ৰসাল তাল সাল নাগভদ্ৰ॥
যুতী যাই ৰক্ত চম্পাা নাবেঙ্গ চোৰঙ্গ।
চন্দন পাদপ কণ্ট কাৰীলতা লঙ্গ॥
কটুফল তীক্তফল মাক্ষিক পৰ্ণ পত্ৰি।
শঁৰা ভেলা খদিৰ অশোক কুট জাত্ৰি॥