পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬২
চতুৰ্থ স্কন্ধ।

কলিযুগে যেবে কৃষ্ণ অবতাৰ হুইব।
সেহিকালে তুমিসবে জনম লভিব॥
বেদপন্থ এৰিসবে হুইবা ভিন্নপন্থী।
কপালিক পূৰ্ণভাগী দিগম্বৰী যতি॥
সেহিসব লোক ৰাজা কলিৰ ব্ৰাহ্মণ।
বেদপন্থ হীনসবে ম্লেচ্ছ আচৰণ॥
আত পৰে মণিদ্বীপ শুনা বিবৰণ।
পৰাশক্তি মহাস্থান কৰিব কীৰ্ত্তন॥

মণিদ্বীপ বৰ্ণন।
পদ।

ব্ৰহ্মলোকো পৰে মহাস্থান সৰ্ব্বলোক।
চিন্তামণি দ্বীপনামে পৰম গোলোক॥
কৈলাস গোলোক বৈকুণ্ঠতো কৰিছাৰ।
প্ৰকৃতি পুৰুষ স্থান সবাৰ উপৰ॥
শাক্তে বোলে শক্তিস্থান শৈবে শিবস্থান
বৈঞ্চবে বোলন্ত বিষ্ণুস্থান মনোৰম॥
হৃদয়ে ভাবিলে ক্ষীৰ সমুদ্ৰ বোলয়।
যেতমহা বিৰাট অনন্তে শুতিৰয়॥