সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬১
শ্ৰীদেবীভাগৱত।


এতবাল গায়ত্ৰীক উপাসা কৰিল।
পূৰ্ণপাত্ৰ লৈই দেবী সাক্ষাত হইল॥
গৌতমৰ হাতেদিয়া বুলিল বচন।
ব্ৰহ্মাণ্ডৰ দ্ৰৱ্য খুজি পাবাইটো স্থান॥
ধন ধান্য দুগ্ধ যব ঘৃত দধি মধু।
পায় সপিটক সুমধুৰ ফল স্বাদু॥
গোমহিষ ৰথধ্বজ শ্ৰূক শ্ৰূব কুশ।
যিবাখোজ যতখোজ পাবা অহন্নিশ॥
সৰ্ব্বজনে তৈতে পাছে যজ্ঞসালা কৈল।
পৃথিবীৰ লোক মানে তথাতে পুষিল॥
দ্বাদশ বৰিষ অন্তে ইন্দ্ৰেবৃষ্টি দিল।
ব্ৰাহ্মনক শপাইবে যুকতি কৰিল॥
মায়াময় গাভী এক কৰিল সৃজন।
হাড়ে ছালে লগা,গুৱে গোবৰে লেপণ॥
গাভী গই যজ্ঞস্থানে প্ৰবেশ কৰিল।
সৰ্ব্বজনে তাড়াহলে তথাতে মৰিল॥
হোম অন্তে গৌতমে দেখিয়া ভৈলৰুষ্ট।
গায়ত্ৰী ৰূপিণী গাভা দিজেকৈল নষ্ট॥
বিতলাষা হয়োবুলি দিল অভিশাপ।
কুম্ভীপাক নৰকে পছহ মহাপাপ॥